অসমীয়া সাঁথৰ(AXOMIA HATHOR) আৰু উত্তৰ

অসমীয়া সাঁথৰ আৰু উত্তৰ ৷

Axomia hathor aru ottar


অসমীয়া সাঁথৰ শিকোঁ আহাঁ -


১/এডাল  খেৰে 

   ঘৰটো বেৰে ৷

উত্তৰ- চাকি 


২/ এক কাঁহী চুপাৰি,

 গণিব নোৱাৰে বেপাৰী ৷


 উত্তৰ - আকাশৰ তৰা


৩/এখন ঘৰৰ দুখন ছাল ,

নবন্ধাকৈ আছে

সৰ্বতি কাল ৷


উত্তৰ - কলপাত



৪/ ধপলা ধপল পাত ,

তাতো নাখায় ভাত ,

লোমা-লোমে গুটি,

তাকো নাখায় ভাজি ৷


উত্তৰ - অমিতা


৫/ পাখি নাই ,

জখলা নাই

আকাশলৈ কোন যায় ?


উত্তৰ - ধোঁৱা

৬/ পাত খায়, কাঠ খায় ,

পানী পালে মৰি যায় ৷


উত্তৰ - জুই


৭/পক্ষী নহয় উৰি যায় ,

গৰু নহয় ঘাঁহ খায় ৷


উত্তৰ - ফৰিং


৮/ বাটে বাটে গৈছিলো

বস্তু এটা পালো, 

কাকো নোকোৱাকৈ 

মনে মনে খালো ৷


উত্তৰ - উজুটি


৯/ ৰজাৰ হাতী ,

ধান খায় পাচি পাচি ৷


উত্তৰ - ঢেঁকী


১০/ ৰজাৰ পুতেক ভোলা ,

জন্ম হৈ পিন্ধে এশটা চোলা ৷


উত্তৰ - কলডিল


১১/ হাতীৰ দাঁত, 

  কদমৰ পাত ,

  ক’ব নোৱাৰিলে গোলামৰ জাত ৷


উত্তৰ - বেঙেনা গছৰ পাত আৰু ফল ৷


১২/ হাত আছে ভৰি নাই 

মূৰ হ’লে কটা, 

আধা মানুহ গিলি খায়

বুকুখন ফটা ৷


উত্তৰ - চোলা ৷


১৩/ হেণ্ডচেক দিলে বমি কৰে 

বস্তু কি ?


উত্তৰ - দমকল ৷


১৪/ হাতেৰে ধৰে,

 ভৰিৰে মাৰে,

কোনোবা উঠিললেই লৰ মাৰে ৷


উত্তৰ - চাইকেল


১৫/ সাত ভাই-ককাই

নিতৌ আহে নিতৌ যায় ৷


উত্তৰ - সপ্তাহ


১৬/ সকলোৱে মোকে বিচাৰে, 

মই কিন্তু কাকো নিবিচাৰো ৷


উত্তৰ - সময়


১৭/ ৰজাৰ ঢোল

চাব পাৰি,

বজাব নোৱাৰি ৷


উত্তৰ - বৰলৰ বাহ




ধন্যবাদ ৷






মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

অসমীয়া সাঁথৰ আৰু উত্তৰ – Asomiya Hathor

ভাৰতৰ প্ৰথম জিএছটি বিল অনুমোদন কৰা ৰাজ্যখনৰ নাম কি ?Which state is the first implementd GST in India