পোস্টগুলি

জুলাই, ২০২৪ থেকে পোস্টগুলি দেখানো হচ্ছে

ভাৰতৰ প্ৰথম জিএছটি বিল অনুমোদন কৰা ৰাজ্যখনৰ নাম কি ?Which state is the first implementd GST in India

  ভাৰতৰ প্ৰথম GST প্ৰনয়ণ কৰা ৰাজ্যখন হ’ল অসম ৷। ভাৰতত জিএছটি আৰম্ভ কৰা হৈছিল ১ জুলাই ২০১৭ পৰা ৷ অসম বিধানসভাত এই বিল অনুমোদন হৈছিল  ১২ আগষ্ট ২০১৬ তাৰিখে ৷

অসমীয়া সাঁথৰ(AXOMIA HATHOR) আৰু উত্তৰ

অসমীয়া সাঁথৰ আৰু উত্তৰ ৷ Axomia hathor aru ottar অসমীয়া সাঁথৰ শিকোঁ আহাঁ - ১/এডাল  খেৰে     ঘৰটো বেৰে ৷ উত্তৰ- চাকি  ২/ এক কাঁহী চুপাৰি,  গণিব নোৱাৰে বেপাৰী ৷  উত্তৰ - আকাশৰ তৰা ৩/এখন ঘৰৰ দুখন ছাল , নবন্ধাকৈ আছে সৰ্বতি কাল ৷ উত্তৰ - কলপাত ৪/ ধপলা ধপল পাত , তাতো নাখায় ভাত , লোমা-লোমে গুটি, তাকো নাখায় ভাজি ৷ উত্তৰ - অমিতা ৫/ পাখি নাই , জখলা নাই আকাশলৈ কোন যায় ? উত্তৰ - ধোঁৱা ৬/ পাত খায়, কাঠ খায় , পানী পালে মৰি যায় ৷ উত্তৰ - জুই ৭/পক্ষী নহয় উৰি যায় , গৰু নহয় ঘাঁহ খায় ৷ উত্তৰ - ফৰিং ৮/ বাটে বাটে গৈছিলো বস্তু এটা পালো,  কাকো নোকোৱাকৈ  মনে মনে খালো ৷ উত্তৰ - উজুটি ৯/ ৰজাৰ হাতী , ধান খায় পাচি পাচি ৷ উত্তৰ - ঢেঁকী ১০/ ৰজাৰ পুতেক ভোলা , জন্ম হৈ পিন্ধে এশটা চোলা ৷ উত্তৰ - কলডিল ১১/ হাতীৰ দাঁত,    কদমৰ পাত ,   ক’ব নোৱাৰিলে গোলামৰ জাত ৷ উত্তৰ - বেঙেনা গছৰ পাত আৰু ফল ৷ ১২/ হাত আছে ভৰি নাই  মূৰ হ’লে কটা,  আধা মানুহ গিলি খায় বুকুখন ফটা ৷ উত্তৰ - চোলা ৷ ১৩/ হেণ্ডচেক দিলে বমি কৰে  বস্তু কি ? উত্তৰ - দমকল ৷ ১৪/ হাতেৰে ধৰে,  ভ...

অসমীয়া সাঁথৰ আৰু উত্তৰ – Asomiya Hathor

  অসমীয়া সাঁথৰ আৰু উত্তৰ – Asomiya Hathor   Assamese Riddles কেইটামান অসমীয়া সাঁথৰ শিকোঁ আহাঁ ৷ ১/ ইফালেও জাপি , সিফালেও জাপি , মাজত এটা ৰঙা আপি ৷ উত্তৰ- আনাৰস ২/ইফালৰ মূৰ সিফালে যায়,  মাজৰ ডিমাটো কিহেনো খায় ৷ উত্তৰ- মাকোৰ মহুৰা ৷ ৩/উপি, উপি, উপি,  মাজত আছে চুপি ৷ উত্তৰ- জোক ৪/উপজোতেই পেট ভৰাই খালো, তাৰ পিছত মহাসুখত থাকি মানুহৰ ওপৰত জীৱনভৰ শুলো ৷ উত্তৰ - লেপ ৫/ কি  পাত খাব নোৱাৰি ? উত্তৰ- টিনপাত ৬/ কি ফুল নুফুলে ? উত্তৰ- এপ্ৰিল ফুল ৭/ কি পান খাব নোৱাৰি ? উত্তৰ- জাপান ৮/ চৰাই নহয়, উৰি ফুৰে, জন্তুও নহয় মাটিত দৌৰে ৷ মুখ থাকোতেও পেটেৰে খায়, জখলাৰেহে তাত বগাব পাৰে ৷ উত্তৰ- উৰাজাহাজ ৯/ জলত জন্ম, স্থলত বাস,  পানীত পৰিলেই সৰ্বনাশ ৷ উত্তৰ- নিমখ ১০/জন্মিল দমৰা নেজডাল লৈ,  ডাঙৰ হ’ল দমৰা  নেজডাল থৈ ৷ উত্তৰ- ভেকুলী (বি:দ্ৰ: - এই সাথৰ কেইটা বিভিন্ন উৎসৰ পৰা সংগৃহীত) ধন্যবাদ ৷