অসমীয়া সাঁথৰ আৰু উত্তৰ ৷ Axomia hathor aru ottar অসমীয়া সাঁথৰ শিকোঁ আহাঁ - ১/এডাল খেৰে ঘৰটো বেৰে ৷ উত্তৰ- চাকি ২/ এক কাঁহী চুপাৰি, গণিব নোৱাৰে বেপাৰী ৷ উত্তৰ - আকাশৰ তৰা ৩/এখন ঘৰৰ দুখন ছাল , নবন্ধাকৈ আছে সৰ্বতি কাল ৷ উত্তৰ - কলপাত ৪/ ধপলা ধপল পাত , তাতো নাখায় ভাত , লোমা-লোমে গুটি, তাকো নাখায় ভাজি ৷ উত্তৰ - অমিতা ৫/ পাখি নাই , জখলা নাই আকাশলৈ কোন যায় ? উত্তৰ - ধোঁৱা ৬/ পাত খায়, কাঠ খায় , পানী পালে মৰি যায় ৷ উত্তৰ - জুই ৭/পক্ষী নহয় উৰি যায় , গৰু নহয় ঘাঁহ খায় ৷ উত্তৰ - ফৰিং ৮/ বাটে বাটে গৈছিলো বস্তু এটা পালো, কাকো নোকোৱাকৈ মনে মনে খালো ৷ উত্তৰ - উজুটি ৯/ ৰজাৰ হাতী , ধান খায় পাচি পাচি ৷ উত্তৰ - ঢেঁকী ১০/ ৰজাৰ পুতেক ভোলা , জন্ম হৈ পিন্ধে এশটা চোলা ৷ উত্তৰ - কলডিল ১১/ হাতীৰ দাঁত, কদমৰ পাত , ক’ব নোৱাৰিলে গোলামৰ জাত ৷ উত্তৰ - বেঙেনা গছৰ পাত আৰু ফল ৷ ১২/ হাত আছে ভৰি নাই মূৰ হ’লে কটা, আধা মানুহ গিলি খায় বুকুখন ফটা ৷ উত্তৰ - চোলা ৷ ১৩/ হেণ্ডচেক দিলে বমি কৰে বস্তু কি ? উত্তৰ - দমকল ৷ ১৪/ হাতেৰে ধৰে, ভ...