অসমীয়া সাঁথৰ আৰু উত্তৰ – Asomiya Hathor

 

অসমীয়া সাঁথৰ আৰু উত্তৰ – Asomiya Hathor 

 Assamese Riddles


কেইটামান অসমীয়া সাঁথৰ শিকোঁ আহাঁ ৷


১/ ইফালেও জাপি , সিফালেও জাপি , মাজত এটা ৰঙা আপি ৷

উত্তৰ- আনাৰস


২/ইফালৰ মূৰ সিফালে যায়, 
মাজৰ ডিমাটো কিহেনো খায় ৷

উত্তৰ- মাকোৰ মহুৰা ৷


৩/উপি, উপি, উপি, 
মাজত আছে চুপি ৷

উত্তৰ- জোক


৪/উপজোতেই পেট ভৰাই খালো,
তাৰ পিছত মহাসুখত থাকি
মানুহৰ ওপৰত জীৱনভৰ শুলো ৷

উত্তৰ - লেপ


৫/ কি  পাত খাব নোৱাৰি ?

উত্তৰ- টিনপাত


৬/ কি ফুল নুফুলে ?

উত্তৰ- এপ্ৰিল ফুল


৭/ কি পান খাব নোৱাৰি ?

উত্তৰ- জাপান


৮/ চৰাই নহয়, উৰি ফুৰে,
জন্তুও নহয় মাটিত দৌৰে ৷
মুখ থাকোতেও পেটেৰে খায়,
জখলাৰেহে তাত বগাব পাৰে ৷

উত্তৰ- উৰাজাহাজ


৯/ জলত জন্ম,
স্থলত বাস, 
পানীত পৰিলেই সৰ্বনাশ ৷

উত্তৰ- নিমখ


১০/জন্মিল দমৰা
নেজডাল লৈ, 
ডাঙৰ হ’ল দমৰা 
নেজডাল থৈ ৷

উত্তৰ- ভেকুলী


(বি:দ্ৰ: - এই সাথৰ কেইটা বিভিন্ন উৎসৰ পৰা সংগৃহীত)
ধন্যবাদ ৷



মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

অসমীয়া সাঁথৰ(AXOMIA HATHOR) আৰু উত্তৰ

ভাৰতৰ প্ৰথম জিএছটি বিল অনুমোদন কৰা ৰাজ্যখনৰ নাম কি ?Which state is the first implementd GST in India